নিজকে নতুন বোৱাৰীৰ নিচিনা লাগিছেঃ অজন্তা নেওগ

December 29, 2020 0 By NEWS DESK

নিউজ ডেস্ক। আজি ভাৰতীয় জনতা পার্টীত যোগদান কৰিলে প্রাক্তন কংগ্রেছী মন্ত্রী অজন্তা নেওগ, বিধায়ক ৰাজদীপ গোৱালা আৰু বলেন্দ্ৰ মুছাহাৰীয়ে।

ৰাজ্যিক বিজেপিৰ হেঙেৰাবাৰীস্থিত মুখ্য কার্যালয়ত ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাস, মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, পৰিমল শুক্লবৈদ্য, সাংগঠনিক সম্পাদক ফণী শৰ্মা প্ৰমুখ্যে দলীয় নেতাৰ উপস্থিতিত বিজেপিত যােগদান কৰে সদ্য কংগ্ৰেছ ত্যাগী নেতাদ্বয়ে।

Pix by UB Photos

দলত যোগদান কৰি অজন্তা নেওগে কয়, যি সকল ব্যক্তিয়ে এই দলত যোগদান কৰোৱাৰ বাবে মানসিক ভাৱে সহায় কৰিছিল তেওঁলোকক কৃতজ্ঞতা জনালো।

মই সততাৰে সেৱা আগবঢ়াইছিলো। কোনো চৰ্ত নোহোৱাকৈ মই বিজেপিলৈ আহিছোঁ।

Pix by UB Photos

নতুন বোৱাৰীৰ লেখীয়া লাগিছে নিজকে। দলটােৰ ভৱিষ্যত দৰ্শন আছে।

মই এগৰাকী নতুন সদস্য হিচাপে দলটোৰ স্বাৰ্থত কাম কৰি যাম, সকলোৰে সহযোগিতা বিচাৰিছোঁ। ২০২১ চনত বিজেপি দলৰ ১੦੦+ লক্ষ্য পূৰণত মই সহযােগ কৰিম।

ইপিনে, ৰাজদীপ গোৱালাই যোগদান কৰি কয়, দলটোৱে চৰকাৰে যেনেকৈ ৰাইজৰ কাম কৰি আছে সেই সমূহৰ প্ৰতি আকৰ্ষিত হলো। মোৰ সাধ্য অনুযায়ী দলৰ বাবে কাম কৰি যাম।