নিজে পঢ়া বিদ্যালয়খনত উপস্থিত হৈ আৱেগিক হৈ পৰিল শিক্ষামন্ত্ৰী, আঁঠুকাঢ়ি ল’লে সেৱা…

June 20, 2021 0 By Biraj Kalita

সুদীৰ্ঘ 43 বছৰৰ পিছত নিজে পঢ়া বিদ্যালয়ত উপস্থিত শিক্ষামন্ত্ৰী ৰণোজ পেগু।

যোৰহাটৰ শংকৰদেৱ চেমিনাৰীত উপস্থিত হৈ আবেগিক হৈ পৰিল শিক্ষা মন্ত্ৰীগৰাকী৷

শিক্ষাৰ ঘাই শিপা বিচাৰি আহি বিদ্যালয় খনৰ প্ৰৱেশদ্বাৰত ভৰি থৈয়ে আঁঠুকাঢ়ি সেৱা ল’লে শিক্ষা মন্ত্ৰী গৰাকীয়ে৷

1978 চনত বিদ্যালয়খনৰ পৰা প্ৰথম বিভাগত সুখ্যাতিৰে হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈছিল ডাঃ ৰণোজ পেগু৷

বিদ্যালয় খনত উপস্থিত হৈ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ উত্তীৰ্ণৰ প্ৰমাণ পত্ৰ সংগ্ৰহ কৰাৰ লগতে বিদ্যালয় খনৰ অভাৱ অভিযোগৰ বুজ লয় মন্ত্ৰী গৰাকীয়ে৷

বিদ্যালয় খনৰ প্ৰধান শিক্ষয়িত্ৰী নিবেদিতা বৰুৱাই মন্ত্ৰী গৰাকীৰ হাতত তুলি দিয়ে তেখেতৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা প্ৰমাণ পত্ৰ খন৷

ইয়াৰ মাজতে নিজে পঢ়া শংকৰদেৱ চেমিনাৰীৰ দৰে অসমৰ শতবৰ্ষ আৰু পঞ্চাছ বছৰ অতিক্ৰম কৰা বিদ্যালয় সমূহৰ আন্তঃগাঁথনিৰ উন্নয়ন কৰা হ’ব বুলি সাংবাদিকৰ আগত মন্তব্য কৰে মন্ত্ৰী গৰাকীয়ে