নিজ কন্যাৰ বিবাহৰ দিনাই সন্ধানহীন পিতৃ, পৰিয়ালত হাহাকাৰ
February 7, 2022নিউজ ডেস্ক। গোলাঘাটত শনিবাৰে সংঘটিত হয় এক কৰুণ ঘটনা।
নিজ কন্যাৰ বিবাহৰ দিনাই বৰাত্ৰী অহাৰ প্ৰাক্মুহূৰ্তত সন্ধানহীন হয় গোলাঘাট আলোপতিৰ নিবাসী বিশিষ্ট ব্যৱসায়ী সুৰজবালী গুপ্তা নামৰ এজন লোক।
ইতিমধ্যে, গোলাঘাট সদৰ আৰক্ষী থানাত ঘটনা সন্দৰ্ভত পৰিয়ালৰ লোকে এজাহাৰ দাখিল কৰিছে।
আৰক্ষীয়ে লোকজনক বিচাৰি অভিযান অব্যাহত ৰাখিছে যদিও এইপৰ্যন্ত লোকজনৰ কোনো সম্ভেদ লাভ কৰিবলৈ সক্ষম হোৱা নাই।
পৰিয়ালৰ লোকে জনোৱা অনুসৰি শনিবাৰে সন্ধিয়া ৬ বজালৈ কন্যাৰ বিবাহৰ কামত লাগি আছিল যদিও বজাৰলৈ বুলি ওলাই গৈ পুনৰ উভতি নাহিল লােকজন।
লগতে চাওকঃ
এল্ট’ বাহন-ডাম্পাৰৰ সংঘৰ্ষত থিতাতে নিহত মহাবিদ্যালয়ৰ প্ৰবক্তা অংকুৰ শইকীয়া