নিজ সমষ্টিৰ কণ্টেইনমেন জ’নত থকা কেবাটাও পৰিয়ালক খাদ্য সামগ্ৰী প্ৰদান বিধায়ক ৰেকিবুদ্দিনৰ…

May 28, 2021 0 By Biraj Kalita

ৰাজ্যজুৰি অব্যাহত আছে কৰ’ণাৰ সংহাৰ।

ছয়গাঁৱ সমষ্টিটো বিভিন্ন প্ৰান্তত কৰ’ণাৰ সংক্ৰমণত পৰিছে সাধাৰণ জনতা।

ইতিমধ্যে সমষ্টিটোৰ কেইবাটাও স্থানত ঘোষণা কৰা হৈছে কণ্টেইনমেন জ’ন।

শুক্ৰবাৰে ছয়গাঁও সমষ্টিৰ  বাংকাকাটা গাঁৱৰ কণ্টেইনমেন জ’নত থকা কেবাটাও পৰিয়ালক খাদ্য সামগ্ৰী প্ৰদান কৰে বিধায়ক ৰেকিবুদ্দিন আহমেদে।

ইতিমধ্যে বিধায়ক গৰাকীয়ে সমষ্টিটোৰ আটাইকেইখন চিকিৎসালয়লৈ গৈ সকলো দিশৰ বুজ লোৱাৰ লগতে কৰ’ণা প্ৰতিৰোধৰ ক্ষেত্ৰত ল’বলগীয়া সকলো ধৰণৰ ব্যৱস্থা গ্ৰহণৰ বাবে স্থানীয় প্ৰশাসন আৰু স্বাস্থ্য বিভাগৰ লগত সন্মিলিতভাৱে আলোচনা কৰি বিশেষ পদক্ষেপ গ্ৰহণ কৰি আছে৷

বিধায়ক গৰাকীৰ নেতৃত্বত ছয়গাঁৱৰ বিভিন্ন ঠাইৰ লগতে অনুষ্ঠান প্ৰতিষ্ঠানত ছেনিটাইজেচনৰ ব্যৱস্থা কৰা হৈছে।

আনহাতে ছাটাবাৰীত থকা উদ্যোগ সমূহৰ জৰিয়তে অঞ্চলটোত কণ্টেইনমেন জ’নত থকা পৰিয়ালবোৰক সাহায্যৰ ব্যৱস্থা কৰা হ’ব বুলিও বিধায়ক গৰাকীয়ে সাংবাদিকক জানিবলৈ দিলে৷

বিপদৰ সময়ত সদায় ৰাইজৰ লগত থকাৰ প্ৰতিশ্ৰুতি দি বিধায়ক গৰাকীৰ সমষ্টিটোৰ কণ্টেইনমেন জ’নত থকা সকলো পৰিয়ালকে সহায় কৰাৰো তেওঁ প্ৰতিশ্ৰুতি দিয়ে ৷