নিযুক্তি সম্বন্ধীয় আৰু উচ্চ শিক্ষাৰ প্ৰৱেশ পৰীক্ষা সন্দৰ্ভত বিশেষ নিৰ্দেশনা অসম চৰকাৰৰ…
July 14, 2021উচ্চ শিক্ষাৰ প্ৰৱেশ পৰীক্ষা আৰু নিযুক্তি সম্বন্ধীয় পৰীক্ষা সন্দৰ্ভত বিশেষ নিৰ্দেশনা ৰাজ্য চৰকাৰৰ।
ক’ভিড প্ৰ’টকলৰ মাজতেই অনুষ্ঠিত হ’ব প্ৰৱেশ পৰীক্ষা।
মঙলবাৰে অসম চৰকাৰে এই সন্দৰ্ভত এক নতুন নিৰ্দেশনা জাৰি কৰিছে।
১৪ জুলাইৰ পৰা এই নিৰ্দেশনা কাৰ্যকৰী হ’ব।
এই প্ৰৱেশ পৰীক্ষা ৫০ শতাংশ ছাত্ৰ-ছাত্ৰীৰ উপস্থিতিত অনুষ্ঠিত হ’ব লাগিব।
তদুপৰি ২০০ ৰ অধিক প্ৰাৰ্থীক কোনো কেন্দ্ৰত পৰীক্ষা দিবলৈ অনুমতি দিয়া নহ’ব।
পৰীক্ষাৰ সময়ত পৰীক্ষাৰ্থীসকলক আন্তঃজিলা যাতায়াত, সান্ধ্য আইন, নগৰাঞ্চলত বাহন চলাচলৰ ক্ষেত্ৰত প্ৰযোজ্য যুগ্ম-অযুগ্ম নীতিৰ পৰা সম্পৰ্ণ ৰেহাই দিয়া হ’ব।
পৰীক্ষাৰ্থীসকলে এই ক্ষেত্ৰত দেখুৱাব লাগিব প্ৰৱেশ পৰীক্ষাৰ এডমিট কাৰ্ড।