নিলাম হোৱাৰ দিশে কাচাৰ-নগাঁও কাগজ কল, ৫ জুনত হ’ব নিবিদা, কৰ্মচাৰীৰ মাজত হাহাকাৰ…
June 2, 2021কাচাৰ-নগাঁও কাগজ কল বিক্ৰীৰ চূড়ান্ত সিদ্ধান্ত।
নিলাম হোৱাৰ দিশে কাচাৰ-নগাঁও কাগজ কল।
২০১৭ চনৰ ১৩ মাৰ্চৰ পৰা বন্ধ হৈ থকা জাগীৰোডস্থিত নগাঁও কাগজ কল আৰু কাছাৰ কাগজ কল দুটা নিলাম কৰাৰ বাবে লিকুইডেটৰ কুলদীপ বাৰ্মাই বাতৰি কাকতত বিজ্ঞাপন প্ৰকাশ কৰিছে।
ইয়াৰ পাছতে কল দুটাৰ কৰ্মচাৰীৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।
জাননী অনুসৰি অহা ৩০ জুনৰ ৰাতিপুৱা ১০ বজাৰ পৰা সন্ধিয়া ৬ বজালৈ অনলাইনযোগে নিলাম প্ৰক্ৰিয়া চলিব।
উল্লেখ্য যে কাগছ কল দুটা পুনৰুজ্জীৱিত কৰাৰ বাবে দীৰ্ঘদিন ধৰি কলদুটাৰ কৰ্মচাৰীৰ লগতে বিভিন্ন দল-সংগঠনে আন্দোলন কৰি আহিছিল।
বিগত চৰকাৰৰ দিনত উদ্যোগ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে জাগীৰোডৰ কাগজ কলত উপস্থিত হৈ দীৰ্ঘকাল বন্ধ হৈ থকা কলটোৰ কৰ্মচাৰীসকলক তিনি মাহৰ ভিতৰতে কাচাৰ আৰু নগাঁও কাগজ কল পুনৰ চলোৱাৰ প্ৰতিশ্ৰুতি দিছিল।
পূৰ্বৰ সকলো প্ৰতিশ্ৰুতি পাহৰি চৰকাৰে আজি নিলামৰ বাবে দুয়োটা কাগজ কলৰ সৰ্বনিম্ন মূল্য ১১৩৯ কোটি টকা ধাৰ্য কৰা উপৰি ১৫ জুন, ২০২১ৰ ভিতৰত ইয়াৰে বাবে ইছ্যুক নিবিদাকাৰীক নিবিদা প্ৰদান কৰিবলৈও জাননী জাৰি কৰিছে।
কিন্তু হঠাতে কল দুটা বিক্ৰী কৰা প্ৰক্ৰিয়া আৰম্ভ কৰাত কল দুটাৰ লগত জড়িত কৰ্মচাৰীসকলৰ মূৰত সৰগ ভাঙি পৰাৰ দৰে অৱস্থা হৈছে।