‘নিশা মই কাকো চিনি নাপাও, কেমেৰা থাকিলেও লাভ নাই, অপেন শ্বুট কৰি দিম’- সংবাদিকক প্ৰাণে মৰাৰ ভাবুকি আৰক্ষী বিষয়াৰ…
July 14, 2021‘নিশা মই কাকো চিনি নাপাও, কেমেৰা থাকিলেও লাভ নাই, অপেন শ্বুট কৰি দিম।’
সংবাদিকক উদ্দেশ্যি এই ভাবুকি প্ৰদান কৰাৰ অভিযোগ উত্থাপন হৈছে এগৰাকী আৰক্ষী বিষয়াৰ বিৰুদ্ধে।
শিৱসাগৰৰ জয়সাগৰ তিনিআলিত সংঘটিত হৈছে এই ঘটনা।
জয়সাগৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া জ্যোতিষ ফুকনৰ বিৰুদ্ধে এই অভিযোগ।
এটা ছেটেলাইট চেনেলৰ সাংবাদিক আছিফ আলীসহ ৫ গৰাকী সাংবাদিকক গুলীয়াই মৰাৰ ভাবুকি প্ৰদানৰ অভিযোগ জয়সাগৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াগৰাকীৰ বিৰুদ্ধে।
ঘটনা সম্পৰ্কত শিৱসাগৰ সদৰ আৰক্ষী থানাত এজাহাৰ দাখিল ভুক্তভোগী সাংবাদিকৰ।
লগতে আৰক্ষী বিষয়াজনৰ দুষ্কাৰ্যৰ বিৰুদ্ধে জিলা উপায়ুক্ত আৰু জিলা আৰক্ষী অধীক্ষকক স্মাৰক পত্ৰ প্ৰদান কৰিছে শিৱসাগৰ জিলা সাংবাদিক সংস্থাই।
স্মাৰক পত্ৰত ২৪ ঘণ্টাৰ ভিতৰত সাংবাদিকক ভাবুকি প্ৰদান কৰা আৰক্ষী বিষয়াজনৰ ওপৰত ব্যৱস্থা গ্ৰহণৰ দাবী জিলা সাংবাদিক সংস্থাৰ।
অন্যথা প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণৰ হুংকাৰ সাংবাদিক সংস্থাৰ।