নিষিদ্ধ ড্ৰাগছসহ সৰবৰাহকাৰীক আটক আৰক্ষীৰ

October 27, 2021 0 By NEWS DESK

নিউজ ডেস্ক। লংকাত এছ টি এফৰ অভিযান।

গুৱাহাটীৰ এটি এছ টি এফৰ দলে লংকা আৰক্ষীৰ সহযোগত লংকা ৫৪ নং ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপৰ আশীষ নাৰ্ছাৰিৰ সমীপৰ পৰা হেৰ’ইনসহ আটক কৰে এজন লোকক।

ষোল্লটা চাবোনৰ কণ্টেনাৰত ২৮১ গ্ৰাম হেৰ’ইন জব্দ আৰক্ষীৰ।

জব্দকৃত হেৰ’ইনখিনিৰ বজাৰ মূল্য প্ৰায় ৮-১০ লাখ টকা হ’ব বুলি জানিব পৰা গৈছে।

আটকাধীন লোকজনৰ নাম মজিবুৰ ৰহমান। ঘৰ লংকাৰ উদালিৰ কছাৰী কগাঁৱত।

আনহাতে আৰক্ষীৰ অভিযানকালত মজিবুৰৰ লগত থকা আন তিনিজন হেৰ’ইন সৰবৰাহকাৰী পলায় যাবলৈ সক্ষম হয়।

হেৰ’ইনখিনি ডিমাপুৰৰ পৰা লংকালৈ আনিছিল বুলি জানিব পৰা গৈছে।

লগতে আৰক্ষীৰ অভিযানকালত এএছ ০২ ইউ ২৩৬৩ নম্বৰৰ এখন স্কুটীও জব্দ কৰে আৰক্ষীয়ে।

পাছত হেৰ’ইন সৰবৰাহকাৰী মজিবুৰ ৰহমান আৰু স্কুটীখন লংকা আৰক্ষীক চমজাই দিয়ে অভিযানকাৰী দলে।