নিয়ন্ত্ৰণ হেৰুৱাই দলঙৰ তলত পৰিল যাত্ৰীবাহী টেম্পো

November 24, 2021 0 By NEWS DESK

নিউজ ডেস্ক। মানকাচৰৰ কালাপানীত ভয়ংকৰ পথ দুৰ্ঘটনা।

দলঙৰ তলত পৰিল যাত্ৰীবাহী টেম্প’।

দুৰ্ঘটনাত চালকসহ তিনিজন আহত।

আঘাতপ্ৰাপ্ত লোককেইজনক স্থানীয় লোকৰ সহযোগত কালাপানী উপ-স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰোৱা হয়।

কালাপানীৰ বৈশাবাৰীৰ আৰচিচি দলং পাৰ হওঁতে নিয়ন্ত্ৰণ হেৰুৱাই বাগৰি পৰে দলঙৰ তলত।

ঘটনাস্থলীত কালাপানী আৰক্ষী উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে।

লগতে চাওকঃ

ৰাজ্যত ভুৱা চিকিৎসকৰ দপদপনি, আৰক্ষীৰ জালত ভুৱা চিকিৎসক নুৰুল ইছলাম…