নিয়ন্ত্ৰণ হেৰুৱাই দুৰ্ঘটনাত পতিত ট্ৰেক্টৰ, চালকৰ মৃত্যু

November 24, 2021 0 By NEWS DESK

নিউজ ডেস্ক। বঙাগাঁৱত শোকাৱহ দুৰ্ঘটনা।

বঙাইগাঁও জিলাৰ তিলপুখুৰীতি নিয়ন্ত্ৰণ হেৰুৱাই ট্ৰেক্টৰ এখনে পথৰ পৰা বাগৰি পৰাত থিতাতে নিহত হয় ট্ৰেক্টৰখন চালক।

জানিব পৰা মতে, বঙাইগাঁও জিলাৰ তিলপুখুৰীত এএছ ১৮ চি৬৪০৯ নম্বৰৰ এখন ট্ৰেক্টৰ নিয়ন্ত্ৰণ হেৰুৱাই দুৰ্ঘটনাত পতিত হয়।

ফলত ট্ৰেক্টৰ চালক আঠুগাঁৱৰ ফাগুনা বৰ্মন থিতাতে নিহত হয় বুলি জানিব পৰা গৈছে।

ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃত লোকজনক মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে।