নিয়ন্ত্ৰণ হেৰুৱাই দ খাৱৈত বাগৰি পৰিল চুইফ্ট ডিজায়ৰ বাহন
November 14, 2021ধেমাজিৰ বটিপুৰত ভয়ংকৰ পথ দুৰ্ঘটনা।
ধেমাজিৰ পৰা মাছখোৱা অভিমুখে গৈ থকা বগা ৰঙৰ এখন ছুইফ্ট বাহন পথ দুৰ্ঘটনা সংঘটিত কৰি পথৰ পৰা দ খাৱৈত বাগৰি পৰে।
এই দুৰ্ঘটনাত কথমপি প্ৰাণ ৰক্ষা পৰে বাহনখনৰ ভিতৰত থকা দুই আৰোহী।
আৰোহী দুজনৰ ঘৰৰ শিৱসাগৰত বুলি জানিব পৰা গৈছে।
ঘটনা সংঘটিত হোৱাৰ লগে লগে স্থানীয় ৰাইজৰ তৎপৰতাত দুয়োজন লোককে উদ্ধাৰ কৰি চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হয়।
ঘটনাস্থলীত ধেমাজি আৰক্ষী উপস্থিত হৈ পানীত পৰা বাহনখন উদ্ধাৰ কৰে।