নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিত প্ৰচণ্ড খুন্দা, থিতাতে নিহত এজন, আন এজনৰ অৱস্থা সংকটজনক…
March 12, 2022এক ভয়ংকৰ পথ দুৰ্ঘটনা।
নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিত প্ৰচণ্ড খুন্দা বাহনৰ।
দুৰ্ঘটনাটোৰ ফলত থিতাতে নিহত এজন লোক, গুৰুতৰভাৱে আহত আন এজন।
তামুলপুৰৰ দেৱী নগৰত সংঘটিত হৈছে এই শোকাৱহ পথ দুৰ্ঘটনাটো।
তামুলপুৰৰ চেঁচাপানী দিশৰ পৰা নিজ গৃহ অভিমুখে আহি থকা অৱস্থাত নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিত প্ৰচণ্ড জোৰে খুন্দা মৰাৰ ফলত সংঘটিত হয় এই পথ দুৰ্ঘটনাটো।
দুৰ্ঘটনাত থিতাতে নিহত হয় হৰতোলা গাঁৱৰ মেলকী সাদেক বড়ো নামৰ ২৩ বছৰীয়া যুৱকজন।
লগতে গুৰুতৰভাবে আহত হয় পাটকীজুলি গাঁৱৰ অবিনাশ বসুমতাৰী নামৰ আন এজন ২৪ বছৰীয়া যুৱক।
আহত লোকজনক ভৰ্তি কৰোৱা হয় কুমাৰীকাটা ৰাজ্যিক চিকিৎসালয়ত।
দুৰ্ঘটনাগ্ৰস্ত বাহনখনৰ নম্ব As-01- BY- 8125 ।