নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিত ৰখাই থােৱা এল্ট’ক খুন্দিয়ালে তীব্ৰবেগী ছুইফট্ বাহনে

September 26, 2021 0 By NEWS DESK

নিউজ ডেস্ক। মৰিগাঁও জিলাৰ জাগীৰোডত ভয়ংকৰ পথ দুৰ্ঘটনা। কথমপি প্ৰাণ ৰক্ষা যাত্ৰীৰ।

শনিবাৰে বিয়লি জাগীৰোডৰ শিল ভঙা অঞ্চলৰ ৰাম মন্দিৰৰ সমীপত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা।

গুৱাহাটীৰ পৰা নগাঁও অভিমুখে আহি থকা এএছ০২এন ১১৬০ নম্বৰৰ ছুইফট বাহনে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিত ৰখাই থোৱা এখন এল্ট’ক খুন্দা মাৰে। ফলত এল্ট’খন পথৰ পৰা দূৰৈত উফৰি পৰে।

সৌভাগ্যক্ৰমে বাহনখনত কোনো যাত্ৰী নাছিল। লগতে ছুইফটখনৰ চালকসহ আৰোহীসকল কোনো গুৰুতৰ আঘাত নোপোৱাকৈ ৰক্ষা পৰে।

পৰৱৰ্তী সময়ত জাগীৰোড আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ আহত সকলক প্ৰাথমিক চিকিৎসাৰ বাবে জাগীৰোডৰ মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়লৈ প্ৰেৰণ কৰে।