নিয়ন্ত্ৰণ হেৰুৱাই ১৫ ফুট দ খাৱৈত পৰিল বাহন, আহত ৫

August 7, 2021 0 By NEWS DESK

নিউজ ডেস্ক। শিৱসাগৰ জিলাৰ আমগুৰি হালোৱাটিঙত ভয়ংকৰ পথ দুৰ্ঘটনা।

হালোৱাটিং লাদৈগড় মিছিং গাঁও সমীপৰ ৬১ নং ৰাষ্ট্ৰীয় ঘাইপথত যোৰহাটৰ পৰা হালোৱাটিং অভিমুখী এএছ০৩ এএম ০৩৬৭ নম্বৰৰ তীব্ৰবেগী ৱেগনাৰ বাহনখনে নিয়ন্ত্ৰণ হেৰুৱাই পোন্ধৰ ফুট দ খাৱৈত বাগৰি পৰে।

ফলত হাবনখনত অহা পাঁচজনকৈ যুৱক যাত্ৰী গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়।

আঘাতপ্ৰাপ্ত যুৱককেইজন যোৰহাট বঙালপুখুৰীৰ ক্ৰমে অভিজিৎ শৰ্মা, অভিশেষ ৰাজকোঁৱৰ, আদিব বৰা, অভিনৱ বৰা আৰু বিচিত্ৰ চন্দ্ৰ বৰা।

আঘাতপ্ৰাপ্ত আটাইকেইজনকে ততাতৈয়াকৈ হালোৱাটিং আৰক্ষীয়ে উদ্ধাৰ কৰি আমগুৰি সামূহিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে।