নিৰাপত্তা বেহু ফালি কাৰাগাৰৰ পৰাই এজন হাজোতীৰ পলায়ন…
December 3, 2021নিউজ ডেস্ক। এইবাৰ আৰক্ষীৰ জিম্মাৰ পৰা নহয়, বিশেষ কাৰাগাৰৰ পৰা পলায়ন কয়দীৰ।
এই ঘটনা নগাঁও বিশেষ কাৰাগাৰৰ।
নগাঁও বিশেষ কাৰাগাৰৰ পৰা পলায়ন কৰা হাজোতীজনৰ নাম ইজাজুল ইছলাম।
জানিব পৰা মতে, নগাঁও চহৰৰ সমীপৱৰ্তী কাতিমাৰীৰ ইজাজুল ইছলামক এক চুৰিকাণ্ডৰ গোচৰত বুধবাৰে গ্ৰেপ্তাৰ কৰিছিল হয়বৰগাঁও আৰক্ষীয়ে।
হয়বৰগাঁও আৰক্ষীয়ে ইজাজুলক গ্ৰেপ্তাৰ কৰাৰ পাচত আদালতত হাজিৰ কৰোৱাত আদালতৰ নিৰ্দেশত অপৰাধীটোক নগাঁও বিশেষ কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছিল।
কিন্তু কাৰাগাৰত থকাৰ এটা দিন পাচতেই নগাঁও বিশেষ কাৰাগাৰৰ পৰা ইজাজুলে পলায়ন কৰে।
কাৰাগাৰৰ পৰা ইজাজুল পলায়ন কৰাৰ পাচত কাৰাগাৰৰ নিৰাপত্তাৰক্ষীৰ মাজত সৃষ্টি হয় হাহাকাৰ পৰিস্থিতিৰ।
সম্প্ৰতি পলাতক হাজোতীক বিচাৰি নগাঁও আৰক্ষীয়ে আৰম্ভ কৰিছে অভিযান।
লগতে চাওকঃ