নিৰুদ্দেশ

January 3, 2022 0 By NEWS DESK

নলবাৰী জিলাৰ বৰক্ষেত্ৰীৰ ৰামপুৰৰ এগৰাকী যুৱতী সন্ধানহীন।

সন্ধানহীন যুৱতীগৰাকীৰ নাম মেঘালী নাথ বুলি জানিব পৰা গৈছে।

বিগত তিনি দিন ধৰি সন্ধানহীন হৈ আছে যুৱতীগৰাকী। শুকুৰবাৰে মোমায়েকৰ ঘৰলৈ যাওঁ বুলি ওলাই গৈছিল যুৱতীগৰাকী।

উক্ত দিনাৰ পৰাই নিৰুদ্দিষ্ট যুৱতীগৰাকীক বিচাৰি দৌলাশাল আৰক্ষী চককীত পৰকিয়ালৰ লোকে এজাহাৰ দাখিল কৰে যদিও কোনো সন্ধান লাভ কৰিবলৈ সক্ষম হোৱা নাই যুৱতীগৰাকীৰ।

কোনো দুষ্ট চক্ৰৰ কৱলত পৰি যুৱতীগৰাকী নিৰুদ্দেশ যোৱাৰ সন্দেহ প্ৰকাশ কৰিছে পৰিয়ালৰ লোকে।

কোনো সদাশয় লোকে যুৱতীগৰাকীৰ সম্ভেদ পালে দৌলাশাল আৰক্ষী অথবা পৰিয়ালৰ লগত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে পৰিয়ালৰ লোকে।