নিৰ্বাচনী মনোনয়ন পত্ৰত ভুল তথ্য! মণিপুৰৰ বিজেপি বিধায়কৰ পদ খাৰিজ উচ্চ ন্যায়ালয়ৰ…

April 17, 2021 0 By Biraj Kalita

মণিপুৰৰ উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়দান।

নিৰ্বাচনী মনোনয়ন পত্ৰত ভুল তথ্যৰ এক গোচৰত বৃহস্পতিবাৰে মণিপুৰ বিধানসভাৰ ১১ নং ৱাংখেই সমষ্টিৰ বিজেপিৰ বিধায়ক অকৰাম হেনৰী সিঙৰ বিধায়ক পদ খাৰিজ কৰে মণিপুৰ উচ্চ ন্যায়ালয়ে।

২০১৭ নিৰ্বাচনত কংগ্ৰেছৰ দল ত্যাগ কৰি বিজেপিত যোগদান কৰিছিল বিধায়ক অকৰাম হেনৰী সিঙে।

বিধায়ক অকৰাম হেনৰী সিঙ বৰ্তমান এন বীৰেন সিঙৰ মন্ত্ৰীসভাৰ এগৰাকী মন্ত্ৰী আছিল।

বৃহস্পতিবাৰে এক নিৰ্বাচনী আবেদনৰ ওপৰত ৰায়দান কৰি ন্যায়ধীশ এম ভি মুৰুলীধৰণৰ এজনীয়া বিচাৰপীঠে অকৰাম হেনৰী সিঙৰ বিধায়ক পদ বাতিল কৰি য়ুমখাম এৰাবট সিঙক ১৫ নং ৱাংখেই সমষ্টিৰ বিধায়ক হিচাপে ঘোষণা কৰে।

উল্লেখ্য যে, বিজেপি বিধায়ক অকৰাম হেনৰী সিঙে ২০১৭ চনৰ তেওঁৰ নিৰ্বাচনী মনোনয়নৰ শপতনামাত শৈক্ষিক যোগ্যতা পূৰ্বৰ দ্বাদশ শ্ৰেণীৰ পৰিৱৰ্তে পাঞ্জাৱ বিশ্ববিদ্যালয়ৰ স্নাতক উল্লেখ কৰাৰ ওপৰিও তেওঁৰ বিৰুদ্ধে থকা ড্ৰাগছৰ অপৰাধী গোচৰ আৰু পত্নীৰ নাম উল্লেখ কৰা নাছিল বুলি গোচৰ ৰুজু কৰিছিল য়ুমখাম এৰাবট সিঙে।

উচ্চ ন্যায়ালয়ত অকৰাম হেনৰী সিঙে মনোনয়ন পত্ৰত শুদ্ধ তথ্য দিয়াত ব্যৰ্থ হোৱাৰ বাবে ১৯৫০ চনৰ জনপ্ৰতিনিধ আইনৰ অধীনৰ ১০০(১)(ডি) (আই) ধাৰাত হেনৰী সিঙৰ বিধায়ক পদ বাতিল কৰে আৰু দ্বিতীয় স্থানত থকা য়ুমখাম এৰবট সিঙক বিধায়ক হিচাপে ঘোষণা কৰে।

লগতে চাওকঃ

১੦੦ কিলাে ওজনৰ অসুস্থ কাছই বিচৰণ কৰিছে স্কেট ব’ৰ্ডত! ভিডিঅ’ ভাইৰেল