নিৰ্বাচনৰ ভোটগণনা প্ৰক্ৰিয়া কেমেৰাত বন্দী কৰিবলৈ নিৰ্বাচন আয়োগক আহ্বান সাংসদ অজিত ভূঞাৰ

April 11, 2021 0 By Biraj Kalita

ৰাজ্যত তিনিটা পৰ্যায়ত অনুষ্ঠিত হ’ল অসম বিধানসভা নিৰ্বাচন।

অহা ২ মে’ত অনুষ্ঠিত হ’ব ভোটগণনা প্ৰক্ৰিয়া।

ভোটগননাৰ সন্দৰ্ভত দেওবাৰে নিৰ্বাচন আয়োগলৈ এক পত্ৰ প্ৰেৰণ কৰিছে আঞ্চলিক গণ মৰ্চাৰ সভাপতি তথা সাংসদ অজিত কুমাৰ ভূঞাই।

পত্ৰখনৰ জৰিয়তে সাংসদ ভূঞাই মুখ্য নিৰ্বাচনী আয়ুক্তক সকলো প্ৰয়োজনীয় আৰু সম্ভাব্য পদক্ষেপ গ্ৰহণ কৰি ভোট গণনা প্ৰক্ৰিয়া নিৰপেক্ষ আৰু স্বচ্ছভাৱে অনুষ্ঠিত কৰিবলৈ আহ্বান জনাইছে।

লগতে ভোট গণনা প্ৰক্ৰিয়াক ভিডিঅ’ ৰেকৰ্ডিং কৰাৰ বাবে মুখ্য নিৰ্বাচনী আয়ুক্তক আহ্বান জনাইছে সাংসদগৰাকীয়ে।