নিৰ্বিকাৰ বন বিভাগ! দিন দুপৰতে সৰবৰাহ চােৰাং কাঠৰ কুণ্ডা
July 20, 2021নিউজ ডেস্ক। এফালে গছপুলি ৰােপণ কৰি বন বিভাগৰ চমক, আনহাতে দিন দুপৰতে চলি থকা বন ধ্বংসযজ্ঞক লৈ বন বিভাগৰ একাংশ বৰমূৰীয়াৰ নিৰ্বিকাৰ ভূমিকা!
দিন দুপৰতে ঘােঁৰাগাড়ীৰে সৰবৰাহ হৈছে মূল্যবান কাঠৰ কুণ্ডা।
কামৰূপ জিলাৰ বকাে সমষ্টিৰ অন্তৰ্গত পশ্চিম কামৰূপ বন সংমণ্ডলৰ এলেকাধীন নগৰবেৰাৰৰ মালিবাৰী অঞ্চলত ৰমৰমীয়াকৈ চলিছে চোৰাং কাঠৰ ব্যাৱসায়।
সকলো দেখিও চকু মুদা কুলিৰ ভাও সংশ্লিষ্ট বন বিভাগ।
নগৰবেৰাস্থিত পশ্চিম কামৰূপ নদী সংৰক্ষিত বনাঞ্চলিক কাৰ্যালয়ৰ অন্তৰ্গত মালিবাৰী বজাৰ আৰু চুবুৰীয়া কেতবোৰ স্থানত এই ধৰণেৰে দিন দুপৰতে ৰাজপথেৰে সৰবৰাহ হয় বহু মূল্যৱান চোৰাং কাঠ।
কিন্তু সকলাে দেখিও ৰহস্যজনকভাৱে নিৰ্বিকাৰ ভূমিকা বন বিভাগৰ সংশ্লিষ্ট বিষয়া-কৰ্মচাৰীৰ।