নেৰানেপেৰা বৰষুণৰ ফলত খহি পৰিল মাধৱদেৱ কলাক্ষেত্ৰৰ নিৰ্মীয়মান পকী দেৱাল…

April 6, 2022 0 By Biraj Kalita

বিগত কিছুদিনৰ পৰা হোৱা নেৰানেপেৰা বৰষুণৰ ফলত ৰাজ্যৰ বিভিন্ন প্ৰান্তত ক্ষয় ক্ষতি হোৱাৰ খবৰ আহিছে।

শেহতীয়াভাৱে নাৰায়ণপুৰতো সংঘটিত হয় তেনে এক ঘটনা।

বৰষুণৰ ফলতে নাৰায়ণপুৰৰ মাধৱদেৱ কলাক্ষেত্ৰৰ এখন নৱনিৰ্মীত দেৱাল খহি পৰে।

মাজনিশা এক ডাঙৰ শব্দ কৰি নিমিষতে পকী দেৱালখন খহি পৰে ।

কলাক্ষেত্ৰৰ পূৱ প্ৰান্তৰ এই প্ৰায় ১০০ মিটাৰ দৈৰ্ঘ্যৰ পকী দেৱালখন খহি পৰাত প্ৰায় লক্ষ্যাধিক টকা পানীত পৰে।

উল্লেখ‍্য মাত্ৰ কেইদিনমান পূৰ্বেহে দেৱাল কেইখনৰ নিৰ্মাণকাৰ্য্য সম্পূৰ্ণ হৈছিল ।

নিম্ন মানদণ্ডৰ কামৰ বাবেই দেৱালখন খহি পৰাৰ অভিযোগ তুলিছে স্থানীয় ৰাইজে।

এই ঘটনাৰ পিছত বাকী তিনিখন দেৱালো খহি পৰিব পাৰে বুলি স্থানীয় ৰাইজে আশংকা প্ৰকাশ কৰিছে।

উল্লেখ্য যে, ইয়াৰ পূৰ্বেও মাধৱদেৱ কলাক্ষেত্ৰত চাৰিফালৰ দেৱাল খহি পৰাৰ ঘটনা সংঘটিত হৈছিল।