নৈশ সান্ধ্য আইনে অসুবিধাত পেলাব নেকি ৰে’ল যাত্ৰী সকলক? এতিয়াই জানি লওক…

April 27, 2021 0 By Biraj Kalita

ক’ভিড ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি আজিৰে পৰা কাৰ্যকৰী হোৱাকৈ ৰাজ্যত বলৱৎ কৰা হয় সান্ধ্য আইন।

কিন্তু সান্ধ্য আইনে অসুবিধাত পেলাব নেকি ৰে’ল যাত্ৰীসকলক তাকেলৈ চলিছে চৰ্চা।

ৰাজ্যত নৈশ কাৰ্ফিউ ঘোষণাৰ পাছতে ৰে’ল যাত্ৰীসকল বিশেষভাৱে শংকিত হৈ পৰিছিল।

এই সন্দৰ্ভত স্পষ্ট কৰিলে উত্তৰ-পূৱ সীমান্ত ৰে’লৱেৰ জনসম্পৰ্কৰক্ষী বিষয়া নৃপেন ভট্টাচাৰ্যই।

নৈশ কাৰ্ফিউ থাকিলেও ৰে’ল যাত্ৰীসকল কোনো অসুবিধাত নপৰে।

নিশা ৰে’লযোগে অহা যাত্ৰী যাব পাৰিব নিজ গন্তব্য স্থানলৈ।

নিজৰ টিকট দেখুৱালেই ৰাজ্য বিভিন্ন প্ৰান্তলৈ যাব পাৰিব যাত্ৰীসকল।

এই কথা স্পষ্ট কৰি উত্তৰ-পূৱ সীমান্ত ৰে’লৱেৰ জনসম্পৰ্কৰক্ষী বিষয়া নৃপেন ভট্টাচাৰ্যই যাত্ৰীসকলক শংকিত নহ’বলৈ আহ্বান জনায়।

ইফালে পুনৰ নতুনকৈ ৫খন স্থানীয় যাত্ৰীবাহী ৰে’ল মুকলি কৰাৰ কথাও জানিব দিয়ে বিষয়াগৰাকীয়ে।

উল্লেখ্য যে, বৰ্তমান উত্তৰ-পূৱ সীমান্ত ৰে’লৱেৰ অধীনত ২০খন স্থানীয় আৰু ৬০খন দূৰণীবটীয়া ৰে’ল চলাচল কৰি আছে।