ন্যায়াধীকৰণে বিদেশী বুলি চিনাক্ত কৰা দুজনক গ্ৰেপ্তাৰ সীমান্ত আৰক্ষীৰ

December 31, 2021 0 By NEWS DESK

নিউজ ডেস্ক। অসম আৰক্ষীৰ সীমান্ত শাখাই গ্ৰেপ্তাৰ কৰিলে বিদেশী বিদেশী ন্যায়াধীকৰণে বিদেশী বুলি ঘােষণা কৰা দুজনকৈ বাংলাদেশী নাগৰিকক।

দৰং জিলাৰ ছিপাঝাৰৰ চৰ অঞ্চলৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে লােক দুজনক।

জানিব পৰা মতে, ২੦১৭ ইংবৰ্ষত বিদেশী ন্যায়াধীকৰণে বিদেশী বুলি চিনাক্ত কৰিছিল ছিপাঝাৰৰ চৰ অঞ্চলৰ বৰবাৰীৰ সাইজুদ্দীন আহমেদ আৰু ৩নং ধলপুৰৰ ওচমান আলীক।

ইয়াৰ পাছতে ন্যায়ালয়ৰ নিৰ্দেশত সীমান্ত শাখাৰ আৰক্ষীয়ে দুয়ােজনকে গ্ৰেপ্তাৰ কৰে।

ধৃত লােক দুয়োজনৰ বিৰুদ্ধে ক্ৰমে ৪১৪/১৭ আৰু ৫১৪/১৭নম্বৰত বিদেশী ন্যায়াধীকৰণত ৰুজু হৈ আছে গোচৰ।

সম্প্ৰতি দুয়ােজনকে তেজপুৰৰ ট্ৰেনজিষ্ট কেম্পলৈ স্থানান্তৰিত কৰা হৈছে।

ইপিনে, লােক দুজনে ভাৰতীয় নাগৰিকত্বৰ পৰ্যাপ্ত নথি পত্ৰ‌ থকা বুলি দাবী কৰিছে।