নৱগ্ৰহত ৰাজ্যিক মৰ্যদাৰে শেষকৃত্য সম্পন্ন হ’ব বিশিষ্ট সাহিত্যিক ডঃ লক্ষ্মীনন্দন বৰাৰ…

June 3, 2021 0 By Biraj Kalita

নৱগ্ৰহ শ্মশানত শেষকৃত্য সম্পন্ন কৰা হ’ব বিশিষ্ট সাহিত্যিক ডঃ লক্ষ্মীনন্দন বৰাৰ।

ৰাজ্যিক মৰ্যদাৰে শেষকৃত্য সম্পন্ন কৰা হব বিশিষ্ট সাহিত্যিকগৰাকীক।

বিশিষ্ট গল্পকাৰ, ঔপন্যাসিক আৰু শিক্ষাবিদ লক্ষ্মীনন্দন বৰাৰ দেহাৱসানত গভীৰ শোক প্ৰকাশ মুখ্যমন্ত্ৰীৰ।

ইতিমধ্যে লক্ষ্মীনন্দন বৰাৰ মৃতদেহ বাসগৃহত অনা হৈছে।

শেষ শ্ৰদ্ধাঞ্জলি জনাব পৰিয়ালৰ সদস্য সকলে।

বাসগৃহত আহি উপস্থিত হৈছে উদ্যোগ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, আছুৰ উপদেষ্টা সমুজ্বল কুমাৰ ভট্টাচাৰ্য্য, কামৰূপ উপায়ুক্ত বিশ্বজিৎ পেগুকে ধৰি বহু বিশিষ্ট লোক।

ৰাজ্যিক বিজেপিৰ সভাপতি তথা মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসেও শোকব্যক্ত কৰিছে।

উল্লেখ্য যে, যোৱা ২০মেত হস্পাতালত ভৰ্তি কৰা হৈছিল বিশিষ্ট সাহিত্যিকগৰাকীক।

অসম নাট্য সন্মিলনেও শোক ব্যক্ত কৰিছে ডঃ বৰাৰ মৃত্যুত।

অসম সাহিত্য সভায়েও শোক ব্যক্ত কৰি ৰাজ্যজুৰি ৩দিন অৰ্ধনমিত কৰি ৰাখিব পতাকা।