নৱগ্ৰহ শ্মশানত শেষকৃত্য সম্পন্ন হ’ব দৰদী কণ্ঠশিল্পী ভিতালী দাসৰ

April 22, 2021 0 By Biraj Kalita

স্তব্ধ হ’ল এক সুৰীয়া কন্ঠ।

জনপ্ৰিয় শিল্পী ভিতালী দাসৰ প্ৰাণ কাঢ়ি নিলে কৰ’ণাই।

নিজৰ সুৰ আৰু কন্ঠৰে অসমৰ সাংস্কৃতিক জগতৰ লগতে অগণন লোকক মোহাচন্ন কৰি ৰখা ভিতালী দাস গ’লগৈ অজান দেশলৈ।

সৌ সিদিনা জৰ্জ ফিল্ডত সদৌ অসম ছাত্ৰ সন্থাই আয়োজন কৰা বিহুৰ অনুষ্ঠানত গীত পৰিৱেশন কৰি অগণন লোকক অসুস্থ দেহাৰেই মন্ত্ৰমুগ্ধ কৰিছিল কণ্ঠশিল্পী গৰাকীয়ে।

বৃহস্পতিবাৰে পঞ্চভূতত বিলীন হ’ব জনপ্ৰিয় কণ্ঠশিল্পী ভিটালী দাসৰ নশ্বৰদেহ।

নৱগ্ৰহ শ্মশানত শেষকৃত্য সম্পন্ন হ’ব জনপ্ৰিয় কণ্ঠশিল্পী গৰাকীৰ।

চিকিৎসালয়ৰ পৰা গীতানগৰৰ ঘৰলৈ নিয়া হয় কণ্ঠশিল্পী গৰাকীৰ নশ্বৰদেহ।

গীতানগৰৰ পৰা নৱগ্ৰহ শ্মশানলৈ লৈ অনা হ’ব কণ্ঠশিল্পী গৰাকীৰ মৃতদেহ।

মৃত্যুৰ আগমুহুৰ্তত ক’ভিড নিগেটিভ আছিল কণ্ঠশিল্পী গৰাকীৰ।