নৱম শ্ৰেণীৰ ছাত্ৰ নিৰুদ্দেশ

November 13, 2021 0 By NEWS DESK

নিউজ ডেস্ক। বিশ্বনাথৰ তিনিখুঁটিৰ এগৰাকী নৱম শ্ৰেণীৰ ছাত্ৰ নিৰুদ্দেশ।

যোৱা ২৫ অক্টোবৰৰ পৰা নিৰুদ্দিষ্ট হয় তিনিখুঁটি অঞ্চলৰ গুটিবাৰী গাঁৱৰ ৰােহন লিম্বু নামৰ ছাত্ৰজন।

ছাত্ৰগৰাকী নিজ ঘৰৰ পৰা বিদ্যালয়লৈ ওলাই গৈছিল যদিও পুনৰ ঘূৰি নাহিল।

পিতৃ জ্ঞান বাহাদুৰ লিম্বুৱে বিদ্যালয়ত খবৰ কৰিব গৈহে জানিব পৰে যে ৰােহন লিম্বু সেইদিনা বিদ্যালয়লৈ যোৱাই নাছিল।

ৰােহন লিম্বু হ’ল বিশ্বনাথৰ তিনিখুঁটি অঞ্চলৰ শংকৰদেৱ বিদ্যালয়ৰ নৱম শ্ৰেণীৰ ছাত্ৰ।

ছাত্ৰজনে উক্ত দিনা চাইকেল, কিতাপ, বেগ লৈ নিজ গৃহৰ পৰা বিদ্যালয়লৈ বুলি ঘৰৰ পৰা ওলাই গৈছিল।

ইপিন, পিতৃয়ে যোৱা ৩১ অক্টোবৰত বিশ্বনাথ তিনিখুঁটি আৰক্ষী চাউনীত উক্ত ঘটনা সম্পৰ্কে এক গোচৰ ৰুজু কৰিছে।

অৱশ্যে আজি পৰ্যন্ত ছাত্ৰগৰাকীৰ কোনো সম্ভেদ লাভ কৰিবলৈ সক্ষম হোৱা নাই পিতৃ তথা আৰক্ষীয়ে।

এই সংক্ৰান্তত কিবা তথ্য লাভ কৰিলে ৯৩৬৫৩-১৬০২৩ নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে পিতৃয়ে।