নৱম শ্ৰেণীৰ ছাত্ৰ সন্ধানহীন

February 5, 2022 0 By NEWS DESK

নিউজ ডেস্ক। উত্তৰ লখিমপুৰৰ ৰাংচালীৰ এগৰাকী নৱম শ্ৰেণীৰ ছাত্ৰ সন্ধানহীন হৈ থকাৰ খবৰ পােৱা গৈছে।

জানিব পৰা মতে, বিগত তিনিমাহ ধৰি নিৰুদ্দেশ হৈ আছে জাৱেদ আলী নামৰ নৱম শ্ৰেণীৰ ছাত্ৰজন।

জাৱেদ আলী উত্তৰ লখিমপুৰৰ ৰংচালীৰ নিৱাসী ইনুছ আলীৰ পুত্ৰ।

ইতিমধ্যে এই সন্দৰ্ভত পৰিয়ালৰ লোকে খেলমাটি আৰক্ষী চকীক অৱগত কৰিছে।

কিন্তু এই পৰ্যন্ত কিশোৰজনৰ কোনো সন্ধান লাভ কৰিবলৈ সক্ষম নহ’ল পৰিয়ালটি।

কোনো সদাশয় ব্যক্তিয়ে যদি কিশোৰজনৰ সন্ধান লাভ কৰে তেন্তে ৬০০১০-১৬৯৮৫ নম্বৰত যোগাযোগ কৰিবলৈ মাতৃ তথা পৰিয়ালৰ লোকে কাতৰ অনুৰোধ জনাইছে।