নৱম শ্ৰেণীৰ ছাত্ৰ সন্ধানহীন, পৰিয়ালত হাহাকাৰ
August 29, 2021নিউজ ডেস্ক। তিনিচুকীয়া জিলাৰ ডিগবৈ থানাৰ অন্তৰ্গত মিশ্যনপাৰা অঞ্চলৰ নিৱাসী ৰাজেন্দ্ৰপ্ৰসাদ যাদৱৰ জ্যেষ্ঠ পুত্ৰ অশ্বিনী যাদব (১৫) যোৱা ২৪ আগষ্টৰ পুৱা ৮ বজাতেই ঘৰৰ পৰা কাপোৰ-কানি পিন্ধি ওলাই যোৱাৰ পিছৰে পৰা আজিপৰ্যন্ত পৰিয়ালে ল’ৰাজনৰ সন্ধান পোৱা নাই।
ডিগবৈ কাৰ্মেল স্কুলৰ নৱম শ্ৰেণীৰ ছাত্ৰ অশ্বিনীৰ পিতৃ ৰাজেন্দ্ৰ প্ৰসাদ যাদৱে জানিবলৈ দিয়া মতে, তেৰ এটিএম কাৰ্ডখন লৈ ২৪ আগষ্টত বেংকৰ পৰা কেইহাজাৰমান টকা উলিয়াই সেইদিনাই ঘৰুৱা শিক্ষকক মাহেকীয়া মাচুলৰ বাবদ ৭,৫০০ টকা দিছিল।
অশ্বিনীক পিতৃ-মাতৃয়ে বিভিন্ন ঠাইত খা-খবৰ কৰিছে যদিও কোনো সন্ধান উলিয়াব পৰা নাই।
পিতৃ ৰাজেন্দ্ৰ প্ৰসাদ যাদৱে ডিগবৈ থানাত ঘটনাৰ সন্দৰ্ভত এজাহাৰ দাখিল কৰিছে।
কোনো সদাশয় লোকে ছাত্ৰজনৰ কিবা সন্ধান পালে ৯৯৫৪৪-১২০৩৭ নম্বৰত জনাবলৈ আহ্বান জনাইছে।