পঁইতা ভাতে স্থান পালে বিখ্যাত ৰন্ধন প্ৰতিযোগিতা ‘মাষ্টাৰ চেফ অষ্ট্ৰেলিয়াত’, লাভ কৰিলে ভূয়সী প্ৰশংসা…
July 14, 2021অসমীয়া সমাজৰ এক চিনাকি খাদ্য পঁইতা ভাত আৰু আলু পিটিকা।
অসমীয়া সমাজ জীৱনৰ লগত বিশেষভাৱে জড়িত হৈ থকা এই পঁইতা ভাতে এতিয়া বিদেশত লাভ কৰিছে বিশেষ জনপ্ৰিয়তা।
পইঁতা ভাতৰ সোৱাদত মুগ্ধ হৈ পৰিছে বিদেশী লোক।
আলু পিটিকাৰ সৈতে পঁইতা ভাতে স্থান পালে বিখ্যাত ৰন্ধন প্ৰতিযোগিতাৰ টিভি অনুষ্ঠান Master Chef Australiaত।
ভজা মাছ আৰু আলু পিটিকা সমৃদ্ধ পঁইতা ভাত পৰিবেশন কৰি বিচাৰকৰ মন জয় কৰিবলৈ সক্ষম হৈছে বাংলাদেশী মূলৰ মেলবৰ্ণৰ ৩৮বছৰীয়া মহিলা কিশ্বৰ চৌধুৰীয়ে।
গুৰুত্বপূৰ্ণ কথাটো হ’ল অনুষ্ঠানটোৰ অন্তিম পৰ্যায়ত এই পঁইতা ভাত পৰিবেশন কৰি বিচাৰকৰ মন জয় কৰিবলৈ সক্ষম হৈছে চৌধুৰীয়ে।
অনুষ্ঠানটোত কিশ্বৰ চৌধুৰীয়ে এই পঁইতা ভাতৰ নাম দিলে ‘স্ম’কড ৰাইছ ৱাটাৰ’(Smoked Rice Water)।
বাংলাদেশী মূলৰ চৌধুৰী চপা ব্যৱসায়ৰ সৈতে জড়িত বুলি জানিব পৰা গৈছে।
মনকৰিবলগীয়া যে এই অনুষ্ঠানত পূৰ্বে এইগৰাকী বাংলাদেশীমূলৰ মহিলাই ৰান্ধিছিল খিছিৰী, বেঙেনাৰ ব্যঞ্জন। সেই ব্যঞ্জন পৰিবশন কৰিও তেওঁ প্ৰশংসা আদায় কৰিছিল।
ইতা ভাত ৰান্ধি বিচাৰকৰ সন্মুখত তেওঁ কয় – ‘এনেধৰণৰ ব্যঞ্জন কোনো ৰেষ্টুৰেণ্টত পোৱা নাযায়। কিন্তু এই বিধ ব্যঞ্জন পৰিবেশন কৰিবলৈ সুবিধা পাই মই যথেষ্ট সুখী।’
প্ৰতিযোগিতাৰ শীৰ্ষ তিনিটা স্থান অধিকাৰ কৰা কিশ্বৰ চৌধুৰীয়ে অৱশ্যে প্ৰতিযোগিতাৰ বিজয়ী হোৱাৰ গৌৰৱ অৰ্জন কৰিবলৈ সক্ষম নহ’ল।
প্রথম স্থান দখল কৰিলে ভাৰতীয় মূলৰ দক্ষিণ অষ্ট্ৰেলিয়াৰ বাসিন্দা জাষ্টিন নাৰায়ণে।