পঞ্চদশ অসম বিধানসভাৰ উপাধ্যক্ষ হিচাপে ডাঃ নোমল মমিনক নিৰ্বাচিত…

May 25, 2021 0 By Biraj Kalita

পঞ্চদশ অসম বিধানসভাৰ উপাধ্যক্ষ হিচাপে বোকাজান সমষ্টিৰ বিধায়ক ডাঃ নোমল মমিন বিনাপ্রতিদ্বন্দ্বিতাৰে নির্বাচিত হয়৷

সোমবাৰে সদনত বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে উপাধ্যক্ষ হিচাপে ডাঃ মমিন বিনাপ্রতিদ্বন্দ্বিতাৰে নির্বাচিত হোৱা বুলি ঘোষণা কৰে৷

উল্লেখ্য যে উপাধ্যক্ষ পদৰ বাবে ডাঃ মমিনৰ সমর্থনত মুঠ তিনিখন মনোনয়ন দাখিল হয়৷

এখন মনোনয়নত বিজেপিৰ ৰাজ্যিক সভাপতি তথা মন্ত্রী ৰঞ্জিত দাসে প্রস্তাৱক আৰু মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই স্বাক্ষৰ কৰে৷

আন দুখন মনোনয়নত অগপৰ অতুল বৰা প্রস্তাৱক, কেশৱ মহন্ত সমর্থক, ইউ পি পি এলৰ উর্খাও গৌৰা ব্রহ্ম প্রস্তাৱক, লৰেঞ্চ ইছলাৰীয়ে সমর্থক হিচাপে স্বাক্ষৰ কৰে৷

ডাঃ মমিনৰ বাহিৰে উপাধ্যক্ষ পদৰ বাবে আন কোনো মনোনয়ন দাখিল নোহোৱাৰ পৰিপ্রেক্ষিতত অধ্যক্ষ দৈমাৰীয়ে তেওঁক বিনাপ্রতিদ্বন্দ্বিতাৰে নির্বাচিত হোৱা বুলি ঘোষণা কৰে৷

বিধানসভাৰ নতুন উপাধ্যক্ষ ডাঃ মমিনক বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী, মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা, বিৰোধী দলপতি দেৱব্রত শইকীয়া, অগপ বিধায়িনী দলৰ নেতা তথা মন্ত্রী অতুল বৰা আদিয়ে অভিনন্দন জ্ঞাপন কৰে৷