পথাৰত ভূঁই ৰুই থকা অৱস্থাত বজ্ৰপাতত থিতাতে নিহত মহিলা, আহত এজন
August 1, 2021নিউজ ডেস্ক। নলবাৰীৰ পূব কালাকুছিত শোকাৱহ ঘটনা।
পূব কালাকুছিত বজ্ৰপাত পৰি এগৰাকী মহিলা মৃত্যু হোৱাৰ লগতে আন এজন লোক গুৰুতৰভাৱে আহত হয়।
পথাৰত ভূঁই ৰুই থকা অৱস্থাত হঠাৎ বজ্ৰপাত পৰি থিতাতে মৃত্যু হয় নলবাৰী জিলাৰ দক্ষিণ প্ৰান্তৰ মুকালমুৱা থানাৰ অন্তৰ্গত পূব কালাকুছি গাঁৱৰ মধুস্মিতা বেজবৰুৱা (৩০) নামৰ এগৰাকী মহিলা।
মধুস্মিতা বেজবৰুৱা গাঁওখনৰ সঞ্জয় বেজবৰুৱাৰ পত্নী তথা তিনি সন্তানৰ মাতৃ।
স্বামীৰ লগতে এজন আত্মীয়ৰ সৈতে পথাৰত কাম কৰি আছিল মহিলাগৰাকীয়ে।
আনহাতে বজ্ৰপাতৰ ফলত গুৰুতৰভাৱে আহত হয় ভূপেন বেজবৰুৱা নামৰ পৰিয়ালৰ আন এজন সদস্য।
স্থানীয় লোকে আহত লোকজনক ততাতৈয়াকৈ নলবাৰীৰ শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে।