পথাৰৰ মাজত খন্দা উন্মুক্ত পুখুৰীত পৰি সলিল সমাধি ঘটিল এগৰাকী যুৱ শিক্ষকৰ…
June 25, 2021এক শোকাৱহ ঘটনা!
পথাৰৰ মাজত খন্দা উন্মুক্ত পুখুৰীত পৰি সলিল সমাধি ঘটিল এগৰাকী যুৱ শিক্ষকৰ।
মৃত যুৱকজন টিয়কৰ ২৬ বছৰীয়া মানস প্ৰতিম বৰা।
জানিব পৰা মতে, টীয়ক গুৱালগাঁৱৰ অৱসৰপ্ৰাপ্ত শিক্ষক তৰুণ বৰাৰ জেষ্ঠ পুত্ৰ মানস প্ৰতিম বৰাই বৃহস্পতিবাৰে বিয়লি ঘৰৰ পাছফালৰ পথাৰত হাঁহ খেদিবলৈ গৈ উন্মুক্ত পুখুৰীত পৰি যায়।
স্থানীয় লোকে এই ঘটনা প্ৰত্যক্ষ কৰি পানীৰ পৰা কোনোমতে মানসক উদ্ধাৰ কৰি ততাতৈয়াকৈ টীয়ক এফ আৰ ইউলৈ লৈ যায় যদিও চিকিৎসকে যুৱকজনক মৃত ঘোষণা কৰে।
ধেমাজি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বিষয় শিক্ষক ৰূপে যোৱা ৫ ফেব্ৰুৱাৰীত নিযুক্তি লাভ কৰিছিল যুৱ শিক্ষক জনে।
যুৱ শিক্ষকজনৰ মৃত্যুত অঞ্চলজুৰি পৰিছে শোকৰ ছাঁ।