পথাৰৰ মৰাপাট কাটিব যোৱা পিতৃৰ পাছে-পাছে গৈ নদীত পৰি সন্ধানহীন ৩ বছৰীয়া শিশু…

July 7, 2021 0 By Biraj Kalita

এক শোকাৱহ ঘটনা!

পথাৰৰ মৰাপাট কাটিব যোৱা পিতৃৰ পাছে-পাছে গৈ নদীত পৰি সন্ধানহীন ৩ বছৰীয়া শিশু।

নগৰবেৰাৰ মন্দিৰা NC গাঁৱত সংঘটিত হৈছে এই অঘটন।

পানীত পৰি নিখোজ হোৱা শিশুটি গাঁৱখনৰ চাবেদ আলীৰ পুত্ৰ কুদ্দুচ আলী(৩)।

বুধবাৰৰ আবেলি চাবেদ আলী জলজলী নৈৰ পাৰত খেতিৰ মৰাপাট কাটি থাকোতেই শিশুটি কোন পলকত নদীত পৰিল সেয়া তৰ্কিবই নোৱাৰিলে।

শিশুটি পানীত পৰাৰ খৱৰে অঞ্চলজুৰি চাঞ্চল্য বিয়পায় আৰু নৈৰ পাৰত বহু মানুহৰ সমাগম ঘটে।

স্থানীয় একাংশই নাঁৱত উঠি জাঁল মাৰি শিশুটি বিচাৰ-খোচাৰ কৰিও কোনো সন্ধান নাপালে সম্প্ৰতি শিশুটিক বিচাৰি SDRF বাহিনীয়ে অভিযান অব্যাহত ৰাখিছে যদিও সফল হব পৰা নাই।