পথৰ দাঁতিত বাগৰিল চোৰাং কাঠ ভৰ্তি ট্ৰাক
August 11, 2021নিউজ ডেস্ক। ৰাজ্যত অব্যাহত আছে বন ধ্বংসযজ্ঞ। নিতৌ সৰবৰাহ হৈছে চােৰাং কাঠ।
দুৰ্ঘটনাত পতিত হ’ল চােৰাং কাঠভৰ্তি এখন ট্ৰাক।
ঘটনাৰ স্থান গোলাঘাট।
জানিব পৰা মতে, জিলাখনৰ ফৰকাটিং আৰক্ষী চকীৰ অন্তৰ্গত গোলাঘাট জামুগুৰি পথৰ গাড়ীগাঁও তিনিআলি সমীপৰ পথৰ দাঁতিত দুৰ্ঘটনাগ্ৰস্ত হ’ল চোৰাং কাঠ কঢ়িয়াই অনা এখন ট্ৰাক।
মঙলবাৰে নিশা দুৰ্ঘটনাত পতিত হােৱা ট্ৰাকখনত কেইবা লক্ষাধিক টকা মূল্যৰ কাঠ আছিল বুলি জানিব পৰা গৈছে।
প্ৰায় সাতশ কেবিৰ অধিক পথত বাগৰি পৰা কাঠখিনি গমাৰী আৰু চেগুন বুলি জানিব লৈ দিছে স্থানীয় লােকে।