পথৰ দাঁতিত যুৱকৰ মৃতদেহ উদ্ধাৰক লৈ তীব্ৰ চাঞ্চল্য
September 23, 2021নিউজ ডেস্ক। পলাশবাৰীৰ ঝাৰোবড়ীত ৰহস্যজনক অৱস্থাত যুৱকৰ মৃতদেহ উদ্ধাৰ।
ঝাৰোবড়ী চ’কত উদ্ধাৰ বাকাৰাপাৰা গাঁৱৰ হীৰেন দাসৰ দ্বিতীয় পুত্ৰ গগন দাস (২৫) নামৰ যুৱকজনৰ মৃতদেহ।
বৃহস্পতিবাৰে প্ৰাতঃ ভ্ৰমণলৈ অহা লোকে প্ৰত্যক্ষ কৰে যুৱকজনৰ মৃতদেহ।
পেচাত মাংস দোকানী আছিল গগন দাস।
ঘটনাস্থলীত পলাশবাৰী আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে যদিও এই পৰ্যন্ত ঘটনাৰ প্ৰকৃত কাৰণ পােহৰলৈ অহা নাই।