পথৰ দাঁতিত ৰখাই থােৱা ট্ৰাকৰ এল্ট’ৰ খুন্দাত মহিলাৰ মৃত্যু

October 3, 2021 0 By NEWS DESK

নিউজ ডেস্ক। মৰিগাঁও জিলাৰ জাগীৰোডৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা। থিতাতে নিহত হয় এজন।

জাগীৰোডৰ শিলভঙাৰ তেল ডিপুৰ সন্মুখত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত শুক্ৰবাৰে সংঘটিত হয় এই পথ দুৰ্ঘটনা।

ঘটনাৰ বিৱৰণী মতে, দিনৰ প্ৰায় ৩ মান বজাত গুৱাহাটীৰ পৰা লংকা অভিমুখে আহি থকা এ এছ ০২ এফ ০১২৭ নম্বৰৰ এল্ট’ বাহনখনে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত ৰখাই থোৱা এ এছ ০১ এল চি ০১৩১ নম্বৰৰ ট্ৰাকখনত পিছফালৰ পৰা খুন্দা মাৰে।

এই ঘটনাত বিধ্বস্ত হৈ পৰা এল্ট’খনৰ এগৰাকী আৰোহী মহিলাৰ থিতাতে মৃত্যু হোৱাৰ লগতে মহিলাগৰাকীৰ স্বামী আৰু এল্ট’খনৰ চালকজন গুৰুতৰভাৱে আহত হয়।

জানিব পৰামতে মৃত মহিলাগৰাকীৰ স্বামী কলকতাৰ এগৰাকী অধিবক্তা।

তেওঁলোকে নগাঁৱৰ লংকাত থকা কন্যাৰ ঘৰলৈ গৈ আছিল। ইতিমধ্যে জাগীৰোড আৰক্ষীয়ে আহত চালকজনক জাগীৰোডৰ মহাত্মাগান্ধী আদৰ্শ চিকিৎসালয়ত ভৰ্তি কৰায়।