পথ দুৰ্ঘটনাত অকাল মৃত্যুক সাৱটিলে টাইপাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য মৌচম গগৈয়ে

January 8, 2022 0 By NEWS DESK

মৰাণত নিশা এক পথ দুৰ্ঘটনাত অকাল মৃত্যুক সাবটি লয় টাইপাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য মৌচম গগৈয়ে।

মৰাণ নিতাই পথত সংঘটিত হোৱা এক পথ দুৰ্ঘটনাত অকাল মৃত্যুক আকোঁৱালি লয় টাই আহোম যুৱ পৰিষদ অসম চমুকৈ টাইপাৰ কেন্দ্ৰীয় কাৰ্যানিৰ্বাহক সদস্য মৌচম গগৈয়ে।

মৰাণ চ্যুকাফা নগৰৰ মৌচম গগৈয়ে নিশা নিজৰ AS 06 Z1415 নম্বৰৰ স্কুটীৰে ঘৰৰ পৰা বিশেষ কামৰ বাবে ওলাই যাওঁতে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষৰ এখন পকী দেৱালত খুন্দা মাৰে।

গুৰুতৰভাৱে আহত যুৱকজনক নিশা স্থানীয় ৰাইজে উদ্ধাৰ কৰি চিকিৎসালয়ত ভৰ্তি কৰে যদিও চিকিৎসকে মৃত ঘোষণা কৰে।

দীৰ্ঘদিন টাই আহোম যুৱ পৰিষদৰ সৈতে জৰিত নিষ্ঠাবান কৰ্মী মৌচম গগৈৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে কেন্দ্ৰীয় সংগঠনটোৰ নেতৃত্বই।

লগতে চাওকঃ আলফা(স্বা)ত যোগদান দুই অসম আৰক্ষীৰ জোৱানৰ!