পথ দুৰ্ঘটনাত এজনৰ মৃত্যু, আহত এজন

September 22, 2021 0 By NEWS DESK

নিউজ ডেস্ক। কামৰূপ জিলাৰ বিজয়নগৰ পহৰা চকীৰ অন্তৰ্গত বৰতেজপুৰত সংঘটিত এটা পথ দুৰ্ঘটনাত মঙলবাৰে বিয়লি এজন লোকৰ থিতাতে মৃত্যু হয়।

মৃত লোকজন ৰামপুৰৰ বিপিন কলিতা (৬৭) বুলি জানিব পৰা গৈছে।

আনহাতে দুৰ্ঘটনাত আহত ৰামপুৰৰে বনমালী কলিতা (৩৫) নামৰ যুৱক এজনক সংকটজনক অৱস্থাত জি এম চি এইচলৈ প্ৰেৰণ কৰা হয়।

বৰতেজপুৰৰ আই টি চি কোম্পানীৰ সন্মুখত সংঘটিত হৈছে এই দুৰ্ঘটনা।

জানিব পৰামতে বিপিন কলিতা আৰু বনমালি কলিতাই এ এছ-০১ বি এল-৪৭৪১ নম্বৰৰ স্কুটীখনেৰে ছয়গাঁৱৰ দিশৰ পৰা ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে নিজ গৃহ অভিমুখে আহি আছিল।

তেনে অৱস্থাতে বিপৰীত দিশৰ পৰা অহা এ এছ-০১ এল চি-৭৪৮৮ নম্বৰৰ ডাম্পাৰখনে দুয়োকে খুন্দা মাৰি বহু দূৰলৈ চোঁচৰাই নিয়ে।