পথ দুৰ্ঘটনাত কৃষি উন্নয়ন বিষয়াৰ মৃত্যু, আহত পত্নী
February 20, 2022নিউজ ডেস্ক। এক শােকাৱহ পথ দুৰ্ঘটনাত মৃত্যু এগৰাকী কৃষি বিষয়াৰ, আহত বিষয়াগৰাকীৰ পত্নী।
এই দুৰ্ঘটনাৰ স্থান কামৰূপ জিলাৰ ৰঙিয়াৰ ৩১ (গ) নং ৰাষ্ট্ৰীয় ঘাইপথ।
নিহত কৃষি বিষয়াগৰাকী কোকৰাঝাৰৰ চিম্বৰগাঁৱৰ বাতাবাৰী নিবাসী তথা কৃষি উন্নয়ন বিষয়া বিজিত নাৰ্জাৰী (৪৯) বুলি জানিব পৰা গৈছে।
জানিব পৰা মতে, শনিবাৰে বিয়লি এ এছ-১৬/এফ-৫৮৪৩ নম্বৰৰ হ’ণ্ডা বানহেৰে ৰাষ্ট্ৰীয় ঘাইপথেৰে কোকৰাঝাৰ জিলাৰ চিম্বৰগাঁও অভিমুখে আহি থাকোতে বিপৰীত দিশৰ পৰা অহা এখন ট্ৰেইলাৰে বাহনখনত প্ৰচণ্ড জোৰেৰে খুন্দা মাৰে আৰু ঘটনা সংঘটিত কৰিয়ে ট্ৰেইলাৰখন পলায়ন কৰে।
নাৰ্জাৰী গুৰুতৰভাৱে আহত হোৱাৰ লগতে তেওঁৰ পত্নী ইষ্টাৰ নাৰ্জাৰী আৰু চালক হৰিশ বসুমতাৰীও আহত হয়।
আহতসকলক প্রথমে ৰঙিয়া অসামৰিক চিকিৎসালয়লৈ নিয়া হয় যদিও বিজিতগ্রা নাৰ্জাৰীৰ স্বাস্থ্যৰ অধিক অৱনতি হোৱাত উন্নত চিকিৎসাৰ বাবে তেওঁক ৰঙিয়াৰ এখন ব্যক্তিগত চিকিৎসালয়লৈ প্ৰেৰণ কৰে যদিও তেওঁ মৃত্যুক সাবটি লয়।
লগতে চাওকঃ
নাৰ্ছ হিচাপে ৰোগীৰ শুশ্ৰূষা কৰা গানভিয়ে মৃত্যুৰ পিছতো দি থৈ গ’ল নতুন জীৱন