পদ্মশ্ৰী বীৰুবালা ৰাভাৰ বাসগৃহত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, আগবঢ়ালে ১ লাখ টকাৰ চেক….

July 10, 2021 0 By Biraj Kalita

পদ্মশ্ৰী ডঃ বীৰুবালা ৰাভাৰ গোৱালপাৰাস্থিত বাসগৃহত উপস্থিত হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।

গোৱালপাৰা জিলাৰ অসম-মেঘালয় সীমান্তৰ ঠাকুৰবিলা গাঁওস্থিত বিশিষ্ট সমাজকৰ্মী, অন্ধবিশ্বাস বিৰোধী যুঁজৰ অক্লান্ত সৈনিক পদ্মশ্ৰী ডঃ বীৰুবালা ৰাভাৰ বাসগৃহত উপস্থিত হৈ তেওঁৰ স্বাস্থ্যৰ বুজ লয়।

সম্প্ৰতি শাৰীৰিকভাৱে অসুস্থ হৈ থকা সংগ্ৰামী মহিলাগৰাকীৰ সৈতে মুখ্যমন্ত্ৰীয়ে কিছু সময় বাৰ্তালাপ কৰাৰ লগতে তেওঁৰ চিকিৎসাত সহায়ক হোৱাকৈ মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা ১ লাখ টকাৰ এখন চেকো প্ৰদান কৰে।

মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কয় – সম্প্ৰতি জটিল ৰোগত আক্ৰান্ত বিশিষ্ট সমাজকৰ্মী গৰাকী বিগত কিছুদিন ধৰি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ আছিল। তেওঁক প্ৰয়োজনীয় চিকিৎসা আগবঢ়োৱা হৈছে আৰু এই মাহতে পুনৰবাৰ তেওঁৰ স্বাস্থ্য পৰীক্ষা কৰা হ’ব।

মুখ্যমন্ত্ৰীয়ে লগতে কয় যে, সমগ্ৰ অসমবাসীয়ে আজি এইগৰাকী বিশিষ্ট মহিলাৰ আশু আৰোগ্য কামনাৰে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছে। কুস‍ংস্কাৰৰ বিৰুদ্ধে যুঁজখন শক্তিশালী ৰূপত অব্যাহত ৰাখিবৰ বাবে তেওঁ অতি সোনকালেই আৰোগ্য হৈ উঠিব।

উল্লেখ্য যে, অন্ধবিশ্বাস আৰু কু-সংস্কাৰৰ বিৰুদ্ধে সাৱলীল কণ্ঠৰে এক আদৰ্শৰ প্ৰতিষ্ঠা কৰা সাহসী মহিলা পদ্মশ্ৰী ডঃ বীৰুবালা ৰাভাই গাঁৱে-ভূঁঞে ডাইনীৰ সন্দেহত হত্যাৰ বিৰুদ্ধে সজাগতা সৃষ্টিৰ জৰিয়তে সমাজ জীৱনক আলোকিত কৰাৰ পথ প্ৰশস্ত কৰিছে।

‘মিশ্যন বীৰুবালা’ৰ মাধ্যমেৰে সমাজ সংস্কাৰৰ দিশত এক নব্য জাগৰণৰ সূচনা কৰা এইগৰাকী সংগ্ৰামী মহিলাই আজিলৈকে ডাইনীৰ অপবাদত নিৰ্যাতনৰ সন্মুখীন হোৱা ডেৰকুৰিৰো অধিক মহিলাৰ জীৱন ৰক্ষা কৰিবলৈ সক্ষম হৈছে।

আজিৰ এই সাক্ষাতৰ সময়ত মুখ্যমন্ত্ৰীৰ সৈতে শক্তিমন্ত্ৰী বিমল বৰা, ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভা, গোৱালপাৰা (পূব)ৰ বিধায়ক আবুল কালাম ৰছিদ আলম আৰু গোৱালপাৰা (পশ্চিম) সমষ্টিৰ বিধায়ক আব্দুৰ ৰছিদ মণ্ডলৰ লগতে জিলা প্ৰশাসন তথা আৰক্ষীৰ শীৰ্ষ বিষয়াসকলো উপস্থিত থাকে।