পদ্মশ্ৰী যাদৱ পায়েঙক অইলৰ গ্রীন এম্বেছাডৰ হিচাপে নিযুক্তি…

June 6, 2021 0 By Biraj Kalita

৫জুন তাৰিখে দেশজুৰি উদযাপন কৰা হয় বিশ্ব পৰিবেশ দিৱস।

অইল ইণ্ডিয়া লিমিটেডৰ উদ্যোগত দুলীয়াজানস্থিত ক্ষেত্রীয় মুখ্য কার্যালয়কে ধৰি অইলৰ বিভিন্ন বিভাগীয় কার্যালয়ত বিশ্ব পৰিৱেশ দিৱস উদযাপন কৰা হয়৷

এই দিৱসৰ সৈতে সংগতি ৰাখি অইলে গছ ৰোপণ কার্যসূচী হাতত লয়।

ক্ষেত্রীয় মুখ্য কার্যালয়ৰ পৰা ইয়াৰ শুভাৰম্ভণি কৰা হয়৷

অইলৰ আৱাসিক মুখ্য বিষয়া প্রশান্ত বৰকাকতিয়ে এই অভিযানৰ শুভাৰম্ভ কৰে।

এই বিশেষ দিনটোতে অইলে পদ্মশ্রী যাদৱ পায়েঙৰ সৈতে এঘণ্টীয়া এক ৱেবিনাৰ বৈঠকো আয়োজন কৰে৷

এই বৈঠকতে অইলৰ সঞ্চালনমূলক কার্যকলাপত সেউজ পদক্ষেপসমূহৰ একত্রীকৰণত তেওঁৰ দিহা–পৰামর্শেৰে আগবঢ়াৰ উদ্দেশ্যে যাদৱ পায়েঙক অইলৰ গ্রীন এম্বেছাডৰ হিচাপে আদৰণি জনায়৷

উক্ত বৈঠকত অংশগ্রহণ কৰে অইলৰ অধ্যক্ষ আৰু পৰিচালন সঞ্চালক সুশীল চন্দ্র মিশ্র, সঞ্চালক (অপাৰেচনছ) পংকজ কুমাৰ গোস্বামী, আৱাসিক মুখ্য বিষয়া প্রশান্ত বৰকাকতি আৰু কার্যবাহী সঞ্চালক সঞ্জয় কুমাৰ ৰায়।