পশ্চিম গোৱালপাৰা সমষ্টিৰ প্ৰাক্তন বিধায়ক এ বি এছ জোদ্দাৰৰ দেহাৱসান…
June 3, 2021পশ্চিম গোৱালপাৰা সমষ্টিৰ প্ৰাক্তন বিধায়ক এ বি এছ জোদ্দাৰৰ দেহাৱসান।
পশ্চিম গোৱালপাৰা সমষ্টিৰ পৰা ১৯৯৬ চনত প্ৰথম বাৰৰ বাবে বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল জোদ্দাৰ।
তেখেতৰ মৃত্যুত গোৱালপাৰা জিলাত শোকৰ ছাঁ পৰিছে।
দীৰ্ঘদিনৰ পৰা মধূমেহ ৰোহত আক্ৰান্ত হৈ আছিল তেওঁ।
বুধবাৰে হঠাৎ অসুস্থ হৈ পৰাত গোৱালপাৰা চোলেছ হাস্পতালত ভৰ্তি কৰোৱা হৈছিল তেখেতক।
কিন্তু বৃহস্পতিবাৰে মৃত্যুৰ ওচৰত হাৰ মানিলে প্ৰাক্তন বিধায়কগৰাকীয়ে।
আমছুৰ প্ৰাক্তন সভাপতি পদতো কাৰ্যনিৰ্বাহ কৰিছিল এ বি এছ জোদ্দাৰে।