পানীৰ অভাৱত স্থবিৰ কৃষিকৰ্ম, কৃষিজীৱী ৰাইজে পাতিলে ভেকুলীৰ বিয়া

August 1, 2021 0 By NEWS DESK

নিউজ ডেস্ক। পানীৰ অভাৱত কৃষকৰ হাহাকাৰ।

তিনিচুকীয়া জিলাৰ কাকপথাৰ কাঁচিজান গাঁৱত ৰাইজে পাতিলে ভেঁকুলীৰ বিয়া।

উল্লেখ্য যে ৰাজ্যৰ কৃষকসকলে এতিয়া পানীৰ অভাৱত হাহাকাৰ কৰিবলগীয়া হৈছে।

বহু ঠাইত পানীৰ অভাৱত শাওনৰ খেতি পথাৰত চিৰাল ফাট মেলিছে।

তেনে সময়তে বৰুণ দেৱতাৰ চৰণত শৰণাপন্ন হৈছে কাকোপথাৰ কাঁচিজান গাঁৱৰ ৰাইজ।

তিনিচুকীয়া জিলাৰ কাকপথাৰ কাঁচিজান গাঁৱৰ ৰাইজে খেতি কৰিব নোৱাৰি এইবাৰ বৰুণ দেৱতাৰ শৰণাপন্ন হৈছে।

গ্ৰামাঞ্চলসমূহত পৌৰাণিকভাৱে প্ৰচলিত নিয়ম অনুসৰি ভেঁকুলীৰ বিয়া পাতিলে বৰষুণ হয় বুলি প্ৰবাদ আছে, যাৰ বাবে গাঁওখনৰ একাংশ পুৰুষ-মহিলাৰ লগতে যুৱক-যুৱতীসকলে বিভিন্ন ধৰ্মীয় নীতি-নিয়মেৰে এইদৰে ভেকুঁলীৰ বিয়া সম্পন্ন কৰে।