পালচাৰ বাইক লৈ উধাও হ’ল চোৰ, সমগ্ৰ দৃশ্য বন্দী CCTV কেমেৰাত…
May 31, 2021পেঙেৰী আৰক্ষী থানাৰ অন্তৰ্গত বিভিন্ন গাওঁসমূহত ক্ৰমাত্ বৃদ্ধি পাইছে চোৰৰ সন্ত্ৰাস।
দেওবাৰে পুৱতি নিশা পেঙেৰী ২ নং টকৌপথাৰ নিবাসী ঘনশ্যাম নেৱাৰৰ ঘৰৰ পৰা চুৰে লৈ উধাও হয় AS 06 AB 7652 নম্বৰৰ এখন পালচাৰ মটৰ চাইকেল।
ঘনশ্যাম নেৱাৰৰ ঘৰৰ পৰা নিশা বাইকৰ লক ভাঙি চুৰে লৈ যায় মটৰ চাইকেলখন।
ইফালে, মটৰ চাইকেলখন চুৰে লৈ যোৱাৰ সমগ্ৰ দৃশ্য বন্ধী হ’ল CCTV কেমেৰাত।
চুৰিকাণ্ড সম্পৰ্কে ভূক্তভুগী লোকজনে ইতিমধ্যে পেঙেৰী আৰক্ষী থানাত এক এজাহাৰ দাখিল কৰিছে।
লগতে চাওকঃ