পাষাণ হৃদয়ৰ পিতৃৰ অমানৱীয় কাণ্ডঃ থেকেচি থেকেচি হত্যা কৰিলে নিজৰ ৪ বছৰীয়া কন্যা সন্তানক…

June 22, 2021 0 By Biraj Kalita

এগৰাকী পাষাণ হৃদয়ৰ পিতৃৰ অমানৱীয় কাণ্ড।

থেকেচি থেকেচি হত্যা কৰিলে নিজৰ ৪ বছৰীয়া কন্যা সন্তানক।

ধিঙৰ কান্ধুলিমাৰী চৰত সংঘটিত হৈছে এই নিষ্ঠুৰ ঘটনা।

ঘটনাৰ বিৱৰণী অনুসৰি, শিশুটিয়ে ওচৰৰে খুড়াকৰ ঘৰলৈ লৈ যাবলৈ খাটনি ধৰিছিল পিতৃ ইনামুলক। কিন্তু পিতৃয়ে নিবলৈ অমান্তি হোৱাত শিশুটিয়ে আমনি কৰিছিল পিতৃক।

এই সাধাৰণ কথাৰ বাবেই ইনামুল হক নামৰ পাষণ্ড পিতৃ গৰাকীয়ে মাকৰ কোলাৰ পৰা কন্যা সন্তানটিক কাঢ়ি নি পথৰ মাজতে থেকেচি থেকেচি হত্যা কৰে।

এই জঘন্য ঘটনা সংঘটিত কৰিয়েই পাষাণ হৃদয়ৰ পিতৃ ইনামুল হকে ঘটনাস্থলৰ পৰা পলায়ন কৰে।