পিঞ্জৰাবদ্ধ হ’ল সন্ত্ৰাসৰ সৃষ্টি কৰা নাহৰফুটুকী বাঘ

August 18, 2021 0 By NEWS DESK

নিউজ ডেস্ক। যোৰহাট জিলাৰ ঢলাজানৰ ভালুকমৰাস্থিত মঙলবাৰে এটা প্ৰকাণ্ড নাহাৰফুটুকী বাঘ পিঞ্জৰাবদ্ধ কৰা হয়।

নাহৰফুটুকীটোৱে বিগত কেইবাদিন ধৰি অঞ্চলোটত সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছিল।

তাৰপিছতে যোৱা ১২ আগষ্টৰ দিনা স্থানীয় ৰাইজে খবৰ কৰিছিল বন বিভাগক।

তাৰ পিছতে উক্ত স্থানত বন বিভাগে লোকে এটা পিঞ্জৰা পাতি থৈছিল। অৱশেষত মঙলবাৰে পিঞ্জৰাবদ্ধ হয় এই প্ৰকাণ্ড নাহৰফুটুকী বাঘটো।

বৰ্তমানেও উক্ত অঞ্চলোটত কেইবাটাও বাঘে মুক্ত বিচৰণ কৰি আহিছে বুলি উল্লেখ কৰিছে স্থানীয় ৰাইজে।

উক্ত পিঞ্জৰাবদ্ধ নাহৰফুটুকীটো বন বিভাগে বন বিভাগৰ কাৰ্যালয়লৈ নি কাজিৰঙা বা নামবৰ ৰাষ্ট্ৰীয় উদ্যানত মুকলি কৰি দিব বুলি সংবাদ মাধ্যক জানিবলৈ দিয়ে।