পিতৃৰ চকুৰ সন্মুখতে তীব্রবেগী ডাম্পাৰৰ চেপাত কণমানি পুত্ৰৰ মৃত্যু

February 21, 2022 0 By NEWS DESK

নিউজ ডেস্ক। ৰাজ্যজুৰি শিল, বালি, মাটি ইত্যাদি বন সম্পদ কঢ়িওৱা একাংশ ট্ৰাক-ডাম্পাৰৰ দৌৰাত্ম্যৰ মাজতে এইবাৰ ধেমাজী জিলাৰ চিলাপথাৰত সংঘটিত হ’ল এক শােকাৱহ পথ দুৰ্ঘটনা।

পিতৃৰ চকুৰ সন্মুখতে ডাম্পাৰৰ চেপাত ছিন্ন-ভিন্ন হৈ গ’ল পুত্ৰৰ দেহ।

চিলাপথাৰ আৰক্ষী থানাৰ অন্তর্গত জলকীয়াসুতিস্থিত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথত দিনৰ ৩ মান বজাত গৌৰাংগপুৰ নিৱাসী নাৰায়ণ আৰ্য্যৰ পুত্ৰ চিলাপথাৰৰ পৰা চাইকেলেৰে ঘৰলৈ আহি অৱস্থাত সংঘটিত হয় এই দুৰ্ঘটনা।

গৌৰাংগপুৰ প্রাথমিক বিদ্যালয়ৰ পঞ্চম শ্ৰেণীৰ ছাত্ৰ বৰাণ আৰ্য্য (১১) বিপৰীত দিশৰ পৰা পথৰ কাষত ৰৈ থকা পিতৃৰ ওচৰলৈ আগবাঢ়ি যাওঁতেই পথটো পাৰ হোৱা মাত্রকে পিছ ফালৰ পৰা চাপৰি অভিমুখে আহি থকা এখন এএছ০৬ বিচি৭৩৯১ নম্বৰৰ ডাম্পাৰে প্ৰচণ্ড জোৰে খুন্দা মৰাত পিতৃৰ চকুৰ আগতে কণমানি পুত্ৰৰ শৰীৰ ছিন্ন ভিন্ন হৈ পৰে।

ঘটনা সংঘটিত কৰি ডাম্পাৰখনে পলায়ন কৰে যদিও অৱশেষত জব্দ কৰিবলৈ সক্ষম হয়।

ঘটনাস্থলীত চিলাপথাৰ আৰক্ষী উপস্থিত হৈ শিশুটিৰ মৃতদহ মৰণোত্তৰ পৰীক্ষাৰ বাবে থানালৈ লৈ যায়।

লগতে চাওকঃ

ৰােলাৰ চলাই আৰক্ষীয়ে ধ্বংস কৰিলে শতাধিক শব্দ প্ৰদূষণকাৰী চাইলেন্সাৰ! চাওক ভিডিঅ’…