পিষ্টলসহ আৰক্ষীৰ জালত পৰিল ম’ষ্ট ৱাণ্টেড ড্ৰাগছ মাফিয়া ইকবাল হুছেইন…

May 26, 2021 0 By Biraj Kalita

অৱশেষত আৰক্ষীৰ জালত পৰিল ম’ষ্ট ৱাণ্টেড ড্ৰাগছ মাফিয়া ইকবাল হুছেইন।

নগাঁও আৰক্ষীয়ে অভিযান চলাই গ্ৰেপ্তাৰ কৰে ম’ষ্ট ৱাণ্টেড অপৰাধী ইকবাল হুছেইন।

ডকাইতি, অপহৰণ, হত্যা, ধৰ্ষণৰ উপৰিও ড্ৰাগছৰ ক’লা সাম্ৰাজ্যৰ লগত জড়িত ইকবালক বিচাৰি দীৰ্ঘদিনে আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছিল।

এক গোপন সূত্ৰৰ পম খেদি নগাঁৱৰ অতিৰিক্ত আৰক্ষী অধীক্ষক(সীমান্ত) মানস শইকীয়াৰ নেতৃত্বত যোৱা নগাঁও আৰক্ষীৰ ৰাইডাৰ স্কোৱাডে নগাঁও চহৰৰ সমীপৱৰ্তী হেৰাপট্টিৰ পৰা পিষ্টল আৰু হেৰ’ইন সহ গ্ৰেপ্তাৰ কৰিলে ইকবালক।

ধৃত ইকবালৰ পৰা আৰক্ষীয়ে এটা পইণ্ট ২২ পিষ্টল আৰু ১৪ গ্ৰাম ব্ৰাউন ছুগাৰ জব্দ কৰে।

ইকবালে চনু ৰবি দাস নামৰ আন এটা অপৰাধীৰ সৈতে আত্মগোপন কৰি আছিল হেৰাপট্টিৰ এটা ঘৰত।

ইকবালক গ্ৰেপ্তাৰৰ পিছতে ঘটনাস্থলীত উপস্থিত হৈ নগাঁও আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই অঞ্চলটোৰ ৰাইজক এনে অপৰাধীক প্ৰশ্ৰয় দিয়াৰ পৰা বিৰত থাকিবলৈকো আহ্বান জনায়।