পিষ্টলসহ দুই যুৱকক আটক আৰক্ষী-CRPF ৰ

November 17, 2021 0 By NEWS DESK

নিউজ ডেস্ক। বঙাইগাঁও জিলাৰ আৰক্ষীৰ দলে জিলাখনৰ ৰাখালডুবিত এজন যুৱকৰ পৰা দুটা পিষ্টল উদ্ধাৰ কৰাৰ লগতে অনুপ কুমাৰ দাস (৩১) নামৰ যুৱকজনক গ্ৰেপ্তাৰ কৰে।

বঙাইগাঁও জিলা অতিৰিক্ত আৰক্ষী অধীক্ষক, উত্তৰ শালমাৰা মহকুমা আৰক্ষী বিষয়া, বঙাইগাঁও পহৰা চকীৰ ভাৰপ্ৰাপ্ত বিষয়া আৰু চিআৰপিএফৰ ১৫৬ বেটেলিয়নৰ জোৱানে দুটা পিষ্টল উদ্ধাৰ কৰে ৰখালডুবিৰ লক্ষী ধাৰাৰ পৰা।

পাছত ধৃত অনুপৰ ভাষ্যৰ ভিত্তিত তেওঁৰ বন্ধু চিৰাং জিলাৰ বিজনী থানাৰ অন্তৰ্গত এক নম্বৰ ভেটাগাঁৱৰ দিপাংকৰ সৰকাৰ (৩১)ক গ্ৰেপ্তাৰ কৰে।

বঙাইগাঁও জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক লুনা সোণোৱালে উল্লেখ কৰা মতে পিষ্টল দুয়া যুৱক দুজনে পশ্চিমবংগৰ এজন লোকক বিক্ৰী কৰিবলৈ চেষ্টা চলাইছিল।