পিষ্টল আৰু ড্ৰাগছ সহ আৰক্ষীৰ জালত পৰিল যুৱক

October 16, 2021 0 By NEWS DESK

নিউজ ডেস্ক। কামৰূপ জিলাৰ ৰঙিয়াৰ ছচাইটি চ’কত পিষ্টলসহ এজনক আটক।

ধৃত লোকজন বাক্সা জিলাৰ জিয়াউল হক বুলি জানিব পৰা গৈছে।

ৰঙিয়া ছচাইটি ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপত শুকুৰবাৰে পুৱাৰ ভাগত ৰঙিয়া আৰক্ষীয়ে ড্ৰাগছ, পিষ্টসহ এজন যুৱকক আটক কৰিবলৈ সক্ষম হয়।

জানিব পৰা মতে, ধৃত ব্যক্তিজন বাক্সা জিলাৰ কাউৰবাহাৰ জিয়াউল হক।

জিয়াউল হক নামৰ যুৱকজনে তেওঁৰ এ এছ ০১ কিউ ১৩২৮ নম্বৰৰ বাইকখনেৰে কাউৰবাহাৰ পৰা ৰঙিয়া ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ছচাইটি চ’কত উপস্থিত হয়।

ড্ৰাগছ সৰবৰাহকাৰী যুৱকজনৰ বিষয়ে তামুলপুৰ আৰক্ষীয়ে আগতীয়াকৈ অৱগত হোৱাত ৰঙিয়া আৰক্ষীৰ সহযোগত পূৰ্বৰে পৰা উক্ত স্থানত ৰৈ থাকে।

জীয়াউল নামৰ যুৱকজন উক্ত স্থানত উপস্থিত হোৱাৰ লগে লগে আৰক্ষীৰ দলে ঘেৰাও কৰি বাইকখনৰ তালাচী চলায়।

আৰক্ষীয়ে তালাচীত বাইখনৰ পৰা ৭.২ পিষ্টলসহ দহ জাঁই সজীৱ গুলী উদ্ধাৰ হোৱাৰ লগতে চাৰিটা ড্ৰাগছ ভৰ্তি দুটা কণ্টেনাৰসহ দুটা খালী কণ্টেনাৰ উদ্ধাৰ কৰে।

সন্দেহ যুক্ত ড্ৰাগছখিনিৰ ওজন হ’ব ৮.৬৪ গ্ৰাম।

ইফালে ধৃত যুৱকজনক পৰিকল্পিতভাৱে শত্ৰুতাৰ বাবে কাউৰবাহা অঞ্চলৰ এজন যুৱকে আৰক্ষীৰ জালত পেলোৱা বুলি ধৃত যুৱকজনে উল্লেখ কৰে।