পিষ্টল দেখুৱাই ট্ৰাকৰ পৰা লুট ৪ লাখ টকা! আৰক্ষীৰ জালত ২ ছাত্ৰনেতা-আৰক্ষীসহ ৬ ডকাইত
November 24, 2020নিউজ ডেস্ক। এইবাৰ চাঞ্চল্যকৰ ডকাইতি কাণ্ডৰ সৈতে নাম সাঙােল খালে ২ ছাত্ৰ নেতাৰ।
উল্লেখ্য যে যোৱা ১৩ নৱেম্বৰত ধেমাজি জিলাৰ গোগামুখত সংঘটিত হৈছিল এক চাঞ্চল্যকৰ ডকাইতি কাণ্ড।
লখিমপুৰৰ পৰা গােগামুখলৈ অহা এটা ব্যৱসায়িক প্ৰতিষ্ঠানৰ মিনি ট্ৰাকৰ চালকক গুলীয়াই চাৰি লাখ টকা লৈ উধাও হৈছিল এটা ডকাইতৰ দল।
পাছত আৰক্ষীয়ে উক্ত ঘটনাৰ তদন্ত কৰি ৬ যুৱকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।
Kudos to Gogamukh Police, a gang of 6 culprits of the armed robbery that took place on 13/11/20 has been arrested.
— Dhemaji Police (@DhemajiPolice) November 23, 2020
2 pistols, ₹1,35,000, i20 car, Pulsar bike, 5 phones, 10 SIM cards etc. used in the crime are seized.@assampolice @DGPAssamPolice @CMOfficeAssam @gpsinghassam pic.twitter.com/07naYGLGX5
ডকাইতি কাণ্ডৰ সৈতে জড়িত ৬ গৰাকী অভিযুক্তৰ নাম হৈছেঃ
জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ গোগামুখ আঞ্চলিকৰ উফ-সভাপতি মৃদুল শইকীয়া (৩০), সদস্য মাইকেল ডেকা (২৪), ১৩ নং এ পি বি এন প্ৰাঞ্জল কুমাৰ হাজং (৩০), মিলিফাং বসুমতাৰী (২৪), যতীন পাঠক (২৪) আৰু কপিল পাঠক (৩০)।
এই চক্ৰটােৰ পৰা আৰক্ষীয়ে দুটা পিষ্টল, এটা পুতলা পিষ্টল, ১,৩৫,੦੦੦ টকাৰ, এ টি এম কাৰ্ডসহ, ৫ টা ম’বাইল ফোন, ১੦ খন ছিম কাৰ্ড, ডকাইতি কাৰ্যত ব্যৱহৃত আই-২০ গাড়ী, পালছাৰ বাইক আৰু কেইবাবিধো সামগ্ৰী উদ্ধাৰ কৰিছে।